প্ৰধানমন্ত্ৰীয়ে দীপাৱলীত দেশবাসীক কি কথা মনত ৰাখি বজাৰ কৰিবলৈ ক’লে...

 10/24/2021 - 15:04
 
 
নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীয়ে দেওবাৰে পুৱা ১১বজাত জনপ্ৰিয় অনুষ্ঠান মন কী বাতৰ ৮২সংখ্যক খণ্ডৰ জৰিয়তে সম্বোধন কৰিলে দেশবাসীক। দেশত ১০০কোটি ভেকচিন প্ৰদান প্ৰক্ৰিয়া সম্পন্ন হোৱাক লৈ সকলোকে অভিনন্দন জ্ঞাপন কৰে। ক’ৰণা বিৰোধী যুজঁখনক আৰু অধিক শক্তিশালী কৰিব এই পদক্ষেপে।
 
 
 সকলোৰে সহায়-সহযোগিতাৰ বাবেই এয়া সম্ভৱ হৈছে। সকলো স্বাস্থ্যকৰ্মীৰ ত্যাগ আৰু কষ্টৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। দীপাৱলী সকলোৱে সাৱধানেৰে উদযাপন কৰাৰ পৰামৰ্শ প্ৰদান কৰে। লগতে উৎসৱ এই বতৰত এটা কথা মনক ৰাখক যে এই সময়চোৱাত যাতে আপোনালোকে লোকেল সামগ্ৰী ক্ৰয়ৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে।  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।