হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ ধলেশ্বৰী পয়েন্টৰ পৰা চুপাৰি ভৰ্তি ট্ৰাক জব্দ আৰক্ষীৰ

 10/24/2021 - 16:32
 
 
 
বদৰপুৰঃ চুপাৰিৰ বিৰুদ্ধে বৰাকৰ আৰক্ষী কঠোৰ হৈ পৰাৰ পিছত সলাব ধৰিছে চোৰাং বেপাৰৰ প্ৰক্ৰিয়া। হাইলাকান্দি জিলাৰ পাঁচগ্ৰামৰ ধলেশ্বৰী পয়েন্টৰ পৰা আৰক্ষীয়ে জব্দ কৰে এখন চুপাৰি ভৰ্তি ট্ৰাক।
 
পৰবৰ্তী সময়ত ফাদিল হয় চোৰাং বেপাৰৰ চোৰাং কাহিনী। পাঁচগ্ৰাম থানাৰ অচি যে কয় বাৰ্মিজ চুপাৰি যেন গম পোৱা নাযায় ইয়াৰ বাবে ২২ পেকেট বাৰ্মিজ চুপাৰিৰ লগতে ১৬ পেকেট কেঁচা চুপাৰি আৰু কেঁচাৰ সৈতে বাৰ্মিজ মিহলাই আৰু ১৪ পেকেট চুপাৰি আছিল। চুপাৰিখিনী লালাবজাৰৰ আব্দুল্লাপুৰৰ পৰা অনা হৈছিল। বৰপেটা লৈ যোৱাৰ কথা আছিল। চালক ৰাজু হুচেইন আৰু আশিক উদ্দিনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।