তাই আহোম ছাত্ৰ সন্থাৰ ৭ সদস্যৰ পদত্যাগঃ যুৱ-ছাত্ৰ পৰিষদত যোগদান

 06/03/2019 - 14:33

বোকাজানঃ তাই আহোম ছাত্ৰ সন্থাৰ বোকাজান আৰু খটখটি আঞ্চলিক সমিতিৰ পৰা ৭ জনকৈ বিষষববীয়া তথা সদস্যই দেওবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদত যোগদান কৰে৷ তাই আহোম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰা বিষয়ববীয়া তথা সদস্যকেইজন হৈছে ক্ৰমে বোকাজান আঞ্চলিক সমিতিৰ সভাপতি ঋতুৰাজ চাংমাই, যুটীয়া সম্পাদক যোগেন গগৈ, ৰিপনজ্যোতি কোঁৱৰ, সদস্য কুলদীপ গগৈ, প্ৰাণদীপ কোঁৱৰ, খটখটি আঞ্চলিক সমিতিৰ সভাপতি মৃণাল গগৈ, সদস্য মনোজ বসুমতাৰী৷

দেওবাৰে এই ৭ গৰাকী সদস্যই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ যুৱ-ছাত্ৰ পৰিষদত যোগদান কৰা সদস্যকেইগৰাকীক একোখনকৈ ফুলাম গামোচাৰে কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকন আৰু বোকাজান আঞ্চলিক সমিতিৰ সভাপতি লৱজ্যোতি গগৈয়ে সংগঠনলৈ আদৰণি জনায়৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।