10/25/2021 - 13:13
in
গহপুৰঃ গহপুৰত আজব ঘটনা। চৰকাৰী আবাসগৃহ পোৱাৰ নামত চলিছে ভেকুভাওনা। জানিব পৰা মতে, গহপুৰ হাজৰিকাচুক গাঁৱৰ এজন হিতাধিকাৰীয়ে ২০১৮ চনতে সম্পূৰ্ণ নথি-পত্ৰ বিভাগীয় কৰ্তৃপক্ষক জমা দিছিল এটি চৰকাৰী আবাসগৃহৰ বাবে। কিন্তু আজিকোপতি চৰকাৰী আবাসগৃহ নাপালে হিতাধিকাৰী গৰাকীয়ে।
ইয়াৰ পৰিবৰ্তে হিতাধিকাৰী গৰাকীলৈ আহিল এখন আবাসগৃহপ্ৰাপ্ত প্ৰমাণপত্ৰ। পৰৱৰ্তী সময়তহে ওলাব প্ৰকৃত হিতাধিকাৰীসকলে চৰকাৰী আবাসগৃহ পাবলৈ সক্ষম হ'বনে? নে এনেধৰণেৰে এখন প্ৰমাণ পত্ৰৰে সামৰণি মাৰিব বিভাগীয় দায়িত্ব।