পুনৰ মন্ত্রীত্ব গ্ৰহণ পদত্যাগী মন্ত্রীৰ: পদত্যাগ লাচিত বৰদলৈৰ

 03/13/2019 - 13:44

গুৱাহাটী: আজিৰে পৰা পুনৰ মন্ত্ৰীৰ আসনত বহিব অগপৰ তিনি মন্ত্ৰী। অতুল বৰা, কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী মুখ্যমন্ত্ৰীৰ বাসভৱনলৈ ৰাওনা হৈছে। পুনৰ নিজৰ দায়িত্ব চমজি ল’ব অগপৰ এই পদত্যাগী মন্ত্ৰী কেইগৰাকীয়ে। বিধায়িনী দলৰ বিশেষ বৈঠক অনুষ্ঠিত নকৰাকৈয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিব।

নিগম-নিকায়ৰ ছয় অধ্যক্ষয়ো পুনৰ দায়িত্ব চমজি ল’ব। তিনি মন্ত্ৰীৰ সৈতে বিধায়িকা ৰেণুপমা ৰাজখোৱা, বিধায়ক গুণীন্দ্ৰ নাথ দাস আৰু সত্যব্ৰত কলিতাও ৰাওনা হৈছে । মঙলবাৰে বিজেপিৰে মিত্ৰতাৰ সিদ্ধান্ত লৈছিল অসম গণ পৰিষদে।

ইপিনে, এই সিদ্ধান্তৰ পিছতেই অগপ ত্যাগ কৰিলে লাচিত বৰদলৈয়ে। সাংবাদিকৰ আগত বৰদলৈয়ে কয়- ধন্যবাদ অগপৰ সুবিধাবাদী নেতাসকল। ভুৱা আঞ্চলিকতাবাদী চৰিত্ৰ প্ৰকাশ কৰিলে এই নেতাসকলে। ৮৫৫ শ্বহীদৰ কথা কোৱা বন্ধ কৰক, আজিৰে পৰা অগপক অন্তৰৰ পৰা বিসৰ্জন দিলো। আঞ্চলিকতাবাদত বিশ্বাসীসকল একত্ৰিত হোৱাৰ সময় হৈছে বুলিও মন্তব্য বৰদলৈৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।