হায় মডেল বিটিছি !

 06/03/2019 - 14:33

গোৰেশ্বৰঃ হাগ্ৰামা মহিলাৰীৰ মডেল বিটিছিৰ নমুনা। ৰাইজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰি ল'ব লাগে যাতায়তৰ পথ। গোৰেশ্বৰ উন্নয়ন খণ্ডৰ বেতনা মৌজাৰ এখন ঐতিহাসিক গাওঁ পুখুৰীপাৰ। এই গাঁৱৰ এটা সৰু চুবুৰী হ'ল আমৰাগুৰি। বাৰিষা হ’লেই ইয়াত একাঠু বোকা পানী হয়।

বিটিচি গঠন হোৱাৰ পিচত আজি পৰ্যন্ত এই চুবুৰীত পৰা নাই এচপৰা মাটি অথবা এটা শিলগুটি। ৰাইজেও নাবান্ধে পথ। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ ৰাইজৰো আহুকাল। ডাঙৰ গাড়ীৰ কথা বাদেই, চাইকেল-বাইক এখনো নিব নোৱাৰি। দূূুৰ্গতিৰ সীমা নাই। উপায়ন্তৰ হৈ নিজৰ গাঠিৰ ধন ভাঙি ৰাইজে ট্ৰেক্টৰেৰে দিবলগীয়া হৈছে শিল বালি। হায় জনপ্ৰতিনিধি। হায় মডেল বিটিছি।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।