নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবীত বিক্ষোভ কাৰ্যসূচী সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ

 10/25/2021 - 18:14
 
 
 
মৰিগাঁওঃ মৰিগাঁও মাজমজিয়াত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ| নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পকে ধৰি বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰাৰ দাবীত সমগ্র অসমৰ লগতে মৰিগাঁৱতো মৰিগাঁও জিলা ছাত্ৰ সন্থাই এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে|
 
 
সদৰ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ পৰা মৰিগাঁও চহৰৰ মাজমজিয়ালৈ এক প্ৰতিবাদী ৰেলি বাহিৰ কৰি অসম তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে মৰিগাঁও জিলা ছাত্ৰ সন্থাই| 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।