লালপুলত মছজিদৰ মাটি বেদখলক কেন্দ্ৰ কৰি প্ৰচণ্ড মাৰপিটঃ বেদখলকাৰীৰ আক্ৰমণত গুৰুতৰভাবে আহত মছজিদ কমিটিৰ সম্পাদক চোবাহান আলী

 06/03/2019 - 14:51

ওদালগুৰিঃ দৰং-ওদালগুৰি জিলাৰ সীমামূৰীয়াত অৱস্থিত লালপুল জামে মছজিদৰ মাটি বেদখলক কেন্দ্ৰ কৰি আজি প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। অভিযোগ অনুসৰি মছজিদৰ দখলত থকা মাটি মধুপুৰ গাঁৱৰ বাসিন্দা তথা বেছিমাৰী উন্নয়ন খণ্ডৰ টেক্স কালেক্টৰ আফাজুদ্দিন আহমেদ নামৰ ব্যক্তিজনে বেদখল কৰি ঘৰ সজাক লৈ মাৰপিটৰ ঘটনাটো সংঘটিত হয়। মছজিদ কমিটিৰ সম্পাদক চোবাহান আলী নামৰ ব্যক্তিজন উক্ত মছজিদলে নামাজ পঢ়িবলৈ আহি মছজিদৰ মাটিত অভিযুক্ত আফাজুদ্দিন আহমেদে অবৈধভাৱে ঘৰ সজা দেখা পাই তাতে ঘৰ নাসাজিবলৈ কোৱাত আফাজুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ আজিদুল হক সহ প্ৰায় পাঁচ- ছয়জনীয়া দলে মছজিদৰ চৌহদৰ ভিতৰত প্ৰৱেশ কৰি চোবাহান আলীক দা,কোৰ,ডেগাৰেৰে হাত,মুখ,বুকু আদিত আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰে।

পিছত স্থানীয় ৰাইজে আক্ৰমণ কাৰীৰ কবলৰ পৰা ৰক্ষা কৰি আহত চোবাহান আলীক খাৰুপেটীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।মছজিদৰ ভূমি বেদখল কৰি আকৌ কমিটিৰ সম্পাদককে এনেদৰে নৃশংসভাৱে আক্ৰমণ কৰা ঘটনাটো স্থানীয় ৰাইজে সহজভাবে মানি ল'ব পৰা নাই। উক্ত ঘটনাৰ পিছতে সমগ্ৰ লালপুল অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰিছে। অভিযুক্তক তদন্ত মৰ্মে উচিত শাস্তি প্ৰদান কৰিবলৈ স্থানীয় ৰাইজ তথা কমিটিৰ বিষয়ববীয়াই প্ৰশাসনক দাবী জনাইছে।

জানিব পৰা মতে আহত চোবাহান আলীয়ে অভিযুক্ত আফাজুদ্দিন আহমেদ,আজিদুল হক, ছাজাহান আলী, আব্দুল মজিদ আৰু গিয়াছ উদ্দিন নামৰ ব্যক্তি কেইজনৰ বিৰুদ্ধে দলগাওঁ থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। তদন্তৰ পিছতহে সমগ্ৰ ঘটনাৰ প্ৰকৃত সত্য পোহৰলৈ আহিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।