বলীউডৰ ছুপাৰষ্টাৰ ৰজনীকান্তলৈ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ দাদা চাহেব ফাল্কে বঁটা প্ৰদান ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৰ

 10/25/2021 - 19:26
 
 
নিউজ ডেস্কঃ অভিনেতা ৰজনীকান্তলৈ চলচ্চিত্ৰৰ সৰ্বশ্ৰেষ্ঠ দাদা চাহেব ফাল্কে বঁটা। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে ভাৰতীয় চলচ্চিত্ৰৰ এই সৰ্বশ্ৰেষ্ঠ বঁটা ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰজনীকান্তক প্ৰদান কৰে।
 
অনুষ্ঠানটোত ভাষণ দি ৰজনীকান্তে তেওঁৰ গুৰু কে বলচন্দৰ, তেওঁৰ জ্যেষ্ঠ ভাতৃ সত্যনাৰায়ণ গায়কৱাড় আৰু তেওঁৰ শ্ৰেষ্ঠ বন্ধু ৰাজ বাহাদুৰক তেওঁৰ এই বঁটা উৎসৰ্গা কৰে।তদুপৰি অভিনেতা সুশান্ত সিং ৰাজপুতৰ ‘চিচোৰে’ ছবিখনে লাভ কৰে শ্ৰেষ্ঠ ছবিৰ সন্মান।
 
মনোজ বাজপেয়ী আৰু ধনুশে লাভ কৰে শ্ৰেষ্ঠ অভিনেতাৰ সন্মান।কংগনা ৰাণাৱটলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।উল্লেখ্য যে, কংগণা ৰাণাৱটে চতুৰ্থবাৰলৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়।কংগনাই মণিকৰ্নিকা আৰু পাংগা নামৰ দুখন ছবিৰ বাবে এই বঁটা লাভ কৰে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।