বোকাজানত ড্ৰাগছ মাফিয়া আৰু আৰক্ষীৰ মাজত প্ৰচণ্ড গুলিয়াগুলিঃ এজন ড্ৰাগছ সৰবৰাহকাৰী নিহত

 10/26/2021 - 12:39
 
 
বোকাজানঃ বোকাজান মহকুমাৰ অন্তৰ্গত অসম নাগালেণ্ড সীমান্তৰ পুৰণা লাহৰিজানৰ তহলদাৰী আৰক্ষীৰ চকীৰ আই চিয়ে এক গোপন তথ্য পায়। উক্ত তথ্য অনুসৰি কেইবাজনো ব্যক্তিয়ে ড্ৰাগছ লৈ লাহৰীজান আৰক্ষী নাকা তালাচীৰ বিপৰীত পথেৰে অগ্ৰসৰ হয। প্ৰায় ৬:৩০ মান বজাত আৰক্ষীয়ে দুই তিনিজন লোকক দেখা পায় আৰু তেওঁলোকক তালাচী কৰিবলৈ ৰখাই যদিও তেওঁলোকে লগে লগে আৰক্ষীক লক্ষ্য কৰি গুলি বৰ্ষণ কৰে।
 
আৰক্ষীৰ দলটোৱে ও নিৰাপত্তাৰ কাৰণে গুলিৰে প্ৰত্যুত্তৰ দিয়ে। প্ৰায় ২০ মিনিট মান অনুসন্ধান কৰাৰ পাছত এজন গুলিবিদ্ধ লোকক উদ্ধাৰ কৰে আৰক্ষীয়ে। উক্ত ব্যক্তিজনৰ লগত এটা ৭.৬৫ পিষ্টল, ২০ জাই সজীৱ গুলি আৰু ৫০ টা চাবোনৰ বাকচত প্ৰায় ৬২৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰে। উক্ত ড্ৰাগছসমূহৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায়  ৪ কোটি টকা হ'ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। দুজন ব্যক্তি নাগালেণ্ডৰ ফালে পলাই যায়। জানিব পৰা মতে ড্ৰাগছ সৰবৰাহকাৰী কেইজনে খোজকাঢ়ি দিচাপুৰ চানডেই বজাৰৰ পথেৰে অগ্ৰসৰ হৈ আহিছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।