মৰিয়নিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিশাল নিৰ্বাচনী সভা

 10/26/2021 - 15:00
 
 
মৰিয়নিঃ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। মৰিয়নিৰ হেমলাই মৰাণ গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত নিৰ্বাচনী সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অংশগ্ৰহণ কৰি কংগ্ৰেছক কঠোৰ সমালোচনা কৰে।
 
 
মৰিয়নিৰ উন্নয়নৰ স্বাৰ্থত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। প্ৰাক্তন মূখ্যমন্ত্ৰীৰ লগতে নিৰ্বাচনী সভাত উপস্থিত থাকে সাংসদ কামাখ্যা প্ৰসাদ তাচা, মন্ত্ৰী সঞ্জয় কিষাণ, বিমল বৰা, বিধায়ক নৱ দলে, ৰূপম শৰ্মাসহ বিজেপিৰ শীৰ্ষস্থানীয় নেতাসকলে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।