10/26/2021 - 16:21
in
নিউজ ডেস্কঃ কাল ক’ৰণাই বিগত দুটা বছৰে জুৰুলা কৰা ৰাজ্যৰ পৰ্যটন উদ্যোগলৈ যেন শেহতীয়াকৈ আহিছে আশাৰ বতৰা। জীপ ছাফাৰীৰ পিছত ১ নৱেম্বৰৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে মুকলি হ'ব হাতী ছাফাৰী।কেৱল কঁহৰা আৰু বাগৰি বনাঞ্চল আংশিকভাৱেহে পৰ্যটকৰ বাবে মুকলি কৰা হৈছিল যদিও পৰ্যটকৰ সঁহাৰিয়ে যেন হেৰুওৱা ছন্দ উভতাই আনিছে কাজিৰঙাৰ পৰ্যটন উদ্যোগলৈ।চলিত অক্টোবৰ মাহত জীপ ছাফাৰীৰে কাজিৰঙা দৰ্শন কৰা পৰ্যটকৰ সংখ্যা ১২ হাজাৰতকৈয়ো অধিক।
জীপ ছাফাৰীৰ সমানে ১ নৱেম্বৰৰ পৰা হাতীৰে কাজিৰঙাৰ সেউজ শোভা উপভোগ কৰিব পাৰিব কাজিৰঙালৈ অহা দেশী–বিদেশী পৰ্যটকে।হাতী ছাফাৰীৰ বাবে ইতিমধ্যে যাৱতীয় সকলো ব্যৱস্থা সাজু কৰিছে উদ্যান কৰ্তৃপক্ষই। কঁহৰা বনাঞ্চলত ১২টা বিভাগীয় হাতীয়ে পৰ্যটকক ছাফাৰী কৰোৱাৰ বিপৰীতে বাগৰি বনাঞ্চলত ৩১টা ব্যক্তিগত হাতীৰ জৰিয়তে পৰ্যটকে কৰিব পাৰিব হাতী ছাফাৰী।ইতিমধ্যে হাতীসমূহৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰিছে উদ্যান কৰ্তৃপক্ষই।