চিন্তিত টীম ইণ্ডিয়াঃ অধিনায়ক কোহলিৰ বুঢ়া আঙুলিত আঘাত

 06/03/2019 - 15:19

ডিজিটেল ডেস্কঃ বিশ্বকাপ ক্রিকেট প্রতিযােগিতাৰ প্ৰথমখন মেচলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত আঘাতৰ সমস্যাত ভুগিছে টীম ইণ্ডিয়াই।  ছাউদাম্পটনত দলীয় অনুশীলনৰ সময়ত সোঁহাতৰ বুঢ়া আঙুলিত আঘাত পালে দলটোৰ অধিনায়ক বিৰাট কোহলিয়ে।

অৱশ্যে কোহলিৰ আঘাত বিশেষ গুৰুতৰ নহয় আৰু তাৰকা বেটছমেনগৰাকীয়ে ৫ জুনত দক্ষিণ আফ্রিকাৰে খেলিবলগীয়া মেচখনত অংশগ্ৰহণ কৰিব পাৰিব বুলি দলীয় সূত্রত প্রকাশ। অৱশ্যে টীম ইণ্ডিয়াৰ অধিনায়কগৰাকীয়ে ফিল্ডিং নে বেটিং অনুশীলনত সোঁহাতৰ বুঢ়া আঙুলিত আঘাত পাইছিল সেই সন্দৰ্ভত এতিয়াও স্পষ্ট হােৱা নাই। টীম ইণ্ডিয়াৰ ফিজিঅ' পেট্রিক ফৰহাটে কোহলিৰ আঘাতৰ পৰীক্ষা-নিৰীক্ষা কৰে যদিও অধিনায়কগৰাকীৰ আঘাত সন্দৰ্ভত কোনাে ধৰণৰ মন্তব্য আগবঢ়োৱা নাই।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।