ৰাঙলুত আৰক্ষীয়ে লালিগুড়ৰ ট্ৰাক ডাইভাৰৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ

 06/03/2019 - 15:22

কামপুৰঃ ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰে সৰবৰাহ হোৱা চুফাৰীৰ ট্ৰাককে ধৰি বিভিন্ন সামগ্ৰী কঢ়িয়াই অনা ট্ৰাকৰ পৰা আৰক্ষীয়ে ধন সংগ্ৰহ কৰাৰ অভিযোগ উঠি অহাৰ সময়তে এইবাৰ ৩৬ নং ৰাষ্ট্ৰীয় পথত ৰাঙলু আৰক্ষীয়ে দাদাগিৰিৰে ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে। দেওবাৰৰ নিশা নগাঁও জিলাৰ ৰাঙলুত এখন লালিগুড়ৰ ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ চেষ্টা চলায়।

উল্লেখ্য যে বৰ্তমান সময়ত লালিগুড়ৰ ব্যৱসায় বন্ধ থকাৰ পিছতো WB-53 B 6415 নম্বৰৰ ট্ৰাকখনে হোজাই জিলাৰ লংকাৰ পৰা বিহাৰলৈ বুলি কঢ়িয়াই আনে বৃহৎ পৰিমানৰ গুড়। ৰাঙলুৰ উৰণীয়া সেঁতুৰ ওপৰত এখন টাটাচুমু গাড়ীত অহা আৰক্ষীয়ে আগচি ধৰে গুড়ৰ ট্ৰাকখন।

তেনে সময়তে ঘটনাস্থলিত সাংবাদিক উপস্থিত হোৱাত আৰক্ষীৰ দলটোৱে ট্ৰাকখনৰ সকলো নথি পত্ৰ লৈ পলায়ন কৰে। পিছত ফোনেৰে সাংবাদিকে ৰাঙলু আৰক্ষী চকীৰ বিষয়া নিৰঞ্জন মণ্ডলক ঘটনাটো অৱগত কৰাত সাংবাদিককহে ওলোটাই ধমকি দিয়ে। চৰকাৰ তথা উচ্চপদস্থ আৰক্ষী বিষয়াই বিষয়টো সন্দৰ্ভত কি ব্যৱস্থা লয় সেইটোহে লক্ষণীয় হ’ব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।