বিশ্ব চাইকেল দিৱস উপলক্ষে চাইকেল চলোৱা প্ৰতিযোগিতা

 06/03/2019 - 15:34

আমগুৰি: আজি বিশ্ব চাইকেল দিৱস। বিশ্ব চাইকেল দিৱসৰ লগত সংগতি ৰাখি আজি আমগুৰিত চাইকেল চলোৱা প্ৰতিযোগিতা অনুষ্ঠিত হয়। সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অনুষ্ঠিত চাইকেল চলোৱা প্ৰতিযোগিতাত মৰিয়নী নগাধূলিৰ দীপক সিং শ্ৰেষ্ঠ হয়।

আমগুৰিৰ পৰা হালোৱাটিঙলৈ অনুষ্ঠিত প্ৰতিযোগিতাখনিত দীপক সিঙে ৮.৫০ কি:মি পথ ১৪.৫৪ মিনিটত অতিক্ৰম কৰে। প্ৰদূষণমুক্ত পৰিৱেশৰ দিশে এখোজ শীৰ্ষক চাইকেল চলোৱা প্ৰতিযোগিতাত শান্তনু বড়া দ্বিতীয় শ্ৰেষ্ঠ, ঘনশ্যাম ৰয়ে তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।