10/30/2021 - 13:51
in
নিউজ ডেস্কঃ ৰাজধানী দিছপুৰ অঞ্চলক যানজঁটৰ সমস্যাৰ পৰা চিৰদিনৰ বাবে মুক্ত কৰি ৰখাৰ বাবে দুখনকৈ উৰণীয়া সেতু নিৰ্মান কৰা হৈছে।এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ লোকনিৰ্মান বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাই জানিবলৈ দিয়া মতে ইতিমধ্যে উৰণীয়া সেঁতুখনৰ নিৰ্মাণকার্য ৯৫ শতাংশতকৈ অধিক সম্পূৰ্ণ হৈছে।অহা ৩ নৱেম্বৰত মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে এই ফ্লাইঅভাৰ মুকলি কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ২৭ অক্টোবৰৰ দিনা নিশা ৯ মান বজাত দিছপুৰ লাষ্টগেটৰ দিশৰ পৰা আকস্মিকভাবে উৰণীয়া সেঁতুত উপস্থিত হয়।