পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দামঃ গুৱাহাটীত আজিৰ দিনটোত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ১০৫.৪৭ টকা

 10/30/2021 - 14:41
 
 
নিউজ ডেস্কঃ পুনৰ বাঢ়িল পেট্ৰ'ল-ডিজেলৰ দাম৷ শনিবাৰে পুনৰ দাম বৃদ্ধি কৰিলে চৰকাৰী তেল সংস্থাসমূহে। গুৱাহাটীত আজিৰ দিনটোত প্ৰতিলিটাৰ  পেট্ৰ'লৰ দাম হৈছেগৈ ১০৫.৪৭ টকা। দিল্লীত ডিজেলৰ দাম হৈ পৰিল ৯৭.৭২ টকা। ৰাজস্থানৰ শ্ৰীগংগানগৰত আজিৰ দিনটোত পেট্ৰ'লৰ দাম ১২১.২৫ টকা। সেইদৰে ডিজেলৰ দাম ১১২.১৫ টকা। মধ্যপ্ৰদেশৰো বেছিভাগ চহৰত পেট্ৰ'লৰ দাম ১২০ টকা হৈছেগৈ। প্ৰতিদিনে পুৱা ৬ বজাত সলনি হয় পেট্ৰ'ল-ডিজেলৰ দাম। 
 
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।