10/31/2021 - 13:49
in
কলগাছিয়াঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত মইনবৰী বেকী নৈৰ পাৰত তিনিটা ম’হৰ গাড়ীসহ চোৰাং চাউল জব্দ কৰে ৰাইজে। পিছত আৰক্ষীক খবৰ দি তিনি ম’হৰ গাড়ীসহ চাউলখিনি গতাই দিয়ে আৰক্ষীক। উল্লেখযোগ্য যে, বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব মইনবৰী বেকী নৈৰ পাৰঘাটত একাংশ চোৰাং চাউলৰ ব্যৱসায়িয়ে ম’হৰ গাড়ীৰে লৈ যোৱা অৱস্থাত ৰাইজৰ চাউলখিনি জব্দ কৰে যদিও ম’হৰ গাড়ীৰ চালক পলায়ন কৰে।
চাউলৰ গৰাকী কোন এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও এয়া দৰিদ্ৰ হিতাধীকাৰীৰ সুলভ মূল্যৰ চাউল বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। উল্লেখ্য যে এচাম দুষ্ট চক্ৰই জিলাখনৰ বিভিন্ন প্ৰান্তত দীৰ্ঘদিনৰ পৰা চলাই গৈছে চোৰাং চাউলৰ ৰমৰমীয়া ব্যৱসায়। এতিয়া প্ৰশ্ন হয় সুলভ মূল্যৰ দোকানীসকলৰ ক্ষেত্ৰত কঠোৰ হোৱা মুখ্যমন্ত্ৰীয়ে চোৰাং চাউলৰ ব্যৱসায়ীৰ ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষ্যণীয়?