লখিমপুৰত সোৱনশিৰি নদীপৰীয়া ৰাইজৰ চকুলো

 06/03/2019 - 16:56

লখিমপুৰঃ চপৰা চপৰে সোৱনশিৰি নৈৰ গৰা খহি ঘূনাসুঁতি কলিয়নী অঞ্চল প্ৰায় নিশ্চিহ্ন। প্ৰাণৰ মমতাত ঘৰ-বাৰী এৰিছে এই অঞ্চলৰ ৰাইজে। কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা বিভাগীয় কৰ্তৃপক্ষৰ। নিতৌ সোৱনশিৰি নৈৰ গৰা খহনীয়াত শ শ হেক্টৰ কৃষিভূমি আৰু ঘৰ-বাৰী নৈত জাহ গৈছে।

এই গৰা খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে এই অঞ্চলৰ ৰাইজে নদীৰ পাৰত নাম-কীৰ্তন কৰি সেৱা আগবঢ়ায়। অঞ্চলবাসী ৰাইজে সোৱনশিৰী গৰা খহনীয়া ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক অনুৰুধ জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।