বিজেপিৰ সৈতে মিত্ৰতা নকৰে এন পি পিয়ে

 03/13/2019 - 14:11

ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ সৈতে মিত্ৰতাৰ সন্দৰ্ভত ব্যক্ত কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই৷ আগন্ত্তক নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ লগত কোনো ধৰণৰ মিত্ৰতা নকৰে এন পি পিয়ে৷ দলটোৱে উত্তৰ-পূবৰ ২৫খন আসনত প্ৰাৰ্থিত্ব আগবঢ়াব৷

লোকসভা নিৰ্বাচনৰ পিছতহে প্ৰয়োজন হ’লে বিজেপিৰ লগত মিত্ৰতা কৰিব বুলিও জানিবলৈ দিয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মহানগৰীৰ হোটেল ৰেডিচন ব্লুত যোৱা নিশা ১২বজাত অনুষ্ঠিত হোৱা বৈঠকখনত উত্তৰ-পূবৰ নিৰ্বাচনী ইছ্যুক লৈ আলোচনা আগবঢ়ায়৷

এইবাৰ লোকসভা নিৰ্বাচনত এন পি পি দলটোৱে অসমৰ আটাইকেইটা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা অধিক৷ লগতে অগপ-বিজেপিৰ মিত্ৰতা তেওঁলোকৰ ভিতৰুৱা কথা বুলিও জানিব দিয়ে মেঘালয়ৰ মন্ত্ৰী কনৰাড চাংমাই৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।