হত্যা নে আত্মহত্যাঃ দলগাঁৱত বোৱাৰীৰ মৃত্যুক লৈ চাঞ্চল্য

 06/03/2019 - 17:14

দলগাঁওঃ আৰিমাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩নং আৰিমাৰীত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা। জানিব পৰা মতে ইছলামপুৰ গাঁৱৰ ছোৰাপ আলীৰ কন্যা জবেদা খাতুনৰ আজিৰ পৰা প্রায় ৭/৮ মাহ আগতে ৩নং আৰিমাৰী গাঁৱৰ মহিৰ উদ্দীনৰ পুত্ৰ ছফিকুল ইছলামৰ লগত বিয়া হৈছিল যদিও বিয়াৰ পাছৰে পৰা স্বামী তথা স্বামীৰ পৰিয়ালে চলাই আছিল অকথ্য শাৰীৰিক আৰু মানসিক অত্যাচাৰ।

তাৰ শেষ পৰিণতি হিচাপে আজি পুৱা প্ৰায় ৬.৩০ বজাত মৃত্যুক সাৱটি লয় জবেদা খাতুনে। পৰিয়ালৰ লোকে দাবী কৰা মতে এইয়া এক পৰিকল্পিত হত্যাকাণ্ড। খাৰুপেটীয়া আৰক্ষী থানাত পৰিয়ালৰ লোকে দাখিল কৰা এজাহাৰৰ ভিত্তিত খাৰুপেটীয়া আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। বোৱাৰীগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। আৰক্ষী তথা প্ৰশাসনে এই ঘটনাটোক গুৰুত্ব সহকাৰে তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰাৰ দাবী জনায় জবেদাৰ পৰিয়ালে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।