আইবা বিশ্ব বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ অসমৰ শিৱ থাপাৰ

 11/02/2021 - 11:14
 
 
নিউজ ডেস্কঃ ভাল খবৰ। অসমৰ বক্সাৰ শিৱ থাপাই আইবা বিশ্ব বক্সিঙৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। ছাৰ্বিয়াৰ ৰাজধানী বেলগ্ৰেডত অনুষ্ঠিত আইবা পুৰুষ বক্সিঙৰ ৬৪ কেজি শাখাত সোমবাৰে নিশা শিৱ থাপাই ফ্ৰান্সৰ শক্তিশালী প্ৰতিপক্ষ লওন্স হামৰাওইক ৪-১ পইণ্টত পৰাস্ত কৰে।
 
কেনিয়া, ছিয়েৰা লিয়ন আৰু ফ্ৰান্সৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰা এছিয়ান চেম্পিয়ন বক্সাৰ শিৱ থাপাই এতিয়া মঙলবাৰে নিশাৰ খেলত তুৰস্ক (Turky)ৰ কেৰেম অৱেজমেনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
 
একেখন প্ৰতিযোগিতাত ভাৰতবৰ্ষৰ হেভিৱেইট বক্সাৰ নৰিন্দৰ ( ৯২ কেজি), সঞ্জিত (৯২ কেজি), নিশান্ত দেৱ (৭১ কেজি) আৰু ৫৪ কেজিত আকাশ কুমাৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। বেলগ্ৰেডৰ খেলৰ সময়ত ৰিঙৰ কাষত উপস্থিত থকা ভাৰতীয় বক্সিঙৰ সচিৱ প্ৰধান অসমৰ হেমন্ত কলিতাই অভিনন্দন জনাইছে শিৱ থাপাক।
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।