সোণাউল্লাহক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ ধৰ্মঘট

 06/03/2019 - 17:31

বৰপেটাঃ অৱসৰপ্ৰাপ্ত সেনা বিষয়া মহম্মদ সোণাউল্লাহক ডিটেনচন কেম্পৰ পৰা বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত বৰপেটাত আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷

বৰপেটা জিলা পুথিভঁড়াল প্ৰাংগনত ৰূপায়ণ কৰা এই ধৰ্মঘটত অংশগ্ৰহণ কৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতা-কৰ্মীসকলে বিভিন্ন শ্লোগান দিয়ে। ধৰ্মঘটৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।