খোৱাঙত পথৰ মাজতেই সোমাল শিলভৰ্তি  ডাম্পাৰ

 06/03/2019 - 17:44

খোৱাংঃ বিধ্বস্ত বাট-পথে ব্যাপক সমস্যা সৃষ্টি কৰিছে খোৱাঙত। মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাঙৰ বৰফুকন আলিত আজি শিল কঢ়িয়াই অনা এখন ডাম্পাৰ পথৰ মাজতে সোমাই পৰাত পথটোত তীব্ৰ যান-জঁটৰ সৃষ্টি হয়। মেৰামতিৰ অভাৱত বহুদিনৰ পৰা বিধ্বস্ত হৈ থকা পথটোত সৰু-ডাঙৰ বহু যান-বাহন চলাচল কৰি থাকে।

কিন্তু জনপ্ৰতিনিধিয়েই হওক বা গড়কাপ্তানী বিভাগেই হওক কোনেও এই পথটোৰ মেৰামতিৰ কৰাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে। যাৰ বাবে পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁ‌তৰ সৃষ্টি হৈ পথচাৰীক জীয়াতু ভোগাই আহিছে। আনহাতে স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনিক সহস্ৰাধিক লোক অহা যোৱা কৰা এই পথটোৰ দুৰাৱস্থাৰ বাবে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে।

ইফালে আজি পথাৰৰ সৈতে প্ৰায় সমান হৈ থকা পথটোত শিলভৰ্তি ডাম্পাৰখন সোমাই পৰাত প্ৰায় বাৰ বজাৰ পৰা বাতৰি যুগুত কৰা এই সময়লৈকে যানবাহনৰ লগতে যাত্ৰীসকল আবদ্ধ হৈ আছে। প্ৰশ্ন হয়, পৰিৱৰ্তনৰ শ্ল'গান দি শাসনলৈ অহা বিজেপি চৰকাৰৰ মন্ত্ৰী বিধায়ক সকলে কেতিয়ালৈ ৰাইজৰ এই সমস্যাসমূহ দূৰ কৰিব পাৰিব? নে বিগত দিনবিলাকৰ দৰে ৰাইজে সমস্যাৰ মাজতেই দিন অতিবাহিত কৰিব লাগিব।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।