সুখবৰ! দেশৰ সৰ্বােচ্চ ক্ৰীড়া সন্মানৰ বাবে নিৰ্বাচিত অলিম্পিক বিজয়ী লাভলীনা বৰগোঁহাই

 11/03/2021 - 12:55
 
 
নিউজ ডেস্কঃ অলিম্পিক বিজয়ী প্ৰথমগৰাকী অসমীয়া লাভলীনা বৰগোঁহাইয়ে লাভ কৰিব দেশৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান। ইয়াৰ লগে লগে দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান খেলৰত্ন লাভ কৰা দেশৰ প্ৰথমগৰাকী অসমীয়া হ’ব লাভলীনা বৰগোহাঁই। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগে ঘোষণা কৰা ২০২১ বৰ্ষৰ ক্ৰীড়া বঁটাৰ তালিকাত লাভলীনাই স্থান লাভ কৰিছে। তেওঁক আগবঢ়োৱা হৈছে দেশৰ সৰ্বোচ্ছ ক্ৰীড়া সন্মান মেজৰ ধ্যানন্দ খেলৰত্ন বঁটা। ইয়াৰ পূৰ্বে লাভলীনাই লাভ কৰিছিল অৰ্জুন সন্মান। লাভলীনাৰ লগতে নিৰজ চোপ্ৰা, ৰবি কুমাৰসহ মুঠ ১২ গৰাকী এথলিটক দিয়া হ’ব খেল ৰত্ন বঁটা।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।