খুমটাইত হাতী-মানুহৰ সংঘাতৰ ভয়ংকৰ ৰূপঃ হাতীৰ গছকত প্ৰাণ গ’ল ৮০ বছৰীয়া বৃদ্ধৰ

 11/03/2021 - 13:21
 
 
 
 
গোলাঘাটঃ হাতী-মানুহৰ সংঘাতে এইবাৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে খুমটাইত। নামবৰৰ পৰা আৱৰঘাট হৈ ওলাই অহা অৰ্ধশতাধিক হাতীৰ জাকে খুমটাইৰ কুৰিখনৰো অধিক গাঁৱত চাহ-বাগিছা, কৃষি ভূমি আদিৰ বিস্তৰ ক্ষতিসাধন কৰাৰ পিছত আজি প্ৰৱেশ কৰে খুমটাইৰ ঢেকিয়ালত। পোন প্ৰথমবাৰৰ বাবে বন্যহস্তীয়ে ঢেকিয়াল অঞ্চলত প্ৰৱেশ কৰাত ৰাইজৰ মাজত সৃষ্টি হয় তীব্ৰ আতংকৰ।
 
ঢেকিয়ালৰ মলখুগুৰি গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা হাতীৰ জাকতোৱে এঘৰ লোকৰ বাৰীত প্ৰৱেশ কৰি কাম কৰি থকা তৰুণ তামুলী নামৰ এজন প্ৰায় ৮০ বছৰীয়া বৃদ্ধ লোকক চোচৰাই গছত ঠেকেছি-মাটিত পেলাই গছকি প্ৰাণ লয় লোকজনৰ। অতি কৰুণভাৱে প্ৰাণ লোৱা লোকজনক বন্যহস্তীয়ে কৰা অত্যাচাৰৰ দৃশ্য ওপৰৰ মহলাৰ পৰা প্ৰত্যক্ষ কৰে নিজপুত্ৰই।
 
কাণেৰে কমকৈ শুনা বাবে পুত্ৰৰ চিঞৰ নুশুনিলে বৃদ্ধজনে, যাৰ ফলত অতি ক্ষোভত থকা বন্যহস্তীয়ে ঠাইতে‌ পাই অতি কৰুণভাৱে মাৰি থৈ যায় লোকজনক। পৰিতাপৰ বিষয় এইয়ে যে, বনবিভাগৰ লোকৰ সন্মুখতে লোকজনক অতি কৰুণভাৱে হাতীয়ে গছকি আছিল যদিও এটা গুলিয়ো নুফুটালে বনবিভাগৰ লোকে। যাক লৈ বনবিভাগৰ ভূমিকাত ক্ষুন্ন স্থানীয় ৰাইজ। এতিয়াও বন্যহস্তীৰ জাকটোয়ে‌ ঢেকিয়াল অঞ্চলৰে ঘন জংঘলত অৱস্থান কৰি আছে। নিশালৈ কি ৰূপ ধাৰণ কৰে তাক লৈ চিন্তিত সকলো। 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।