বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত কুৰুৱাবাসী

 06/03/2019 - 17:55

গুৱাহাটীঃ দেশ প্ৰগতিৰ দিশত ধাৱমান। কিন্তু বিশুদ্ধ খোৱা পানীৰ সমস্যাটো এতিয়াও সৰ্বত্ৰে বিৰাজমান। জনস্বাস্থ্য বিভাগটোৰ পানীৰ প্ৰকল্প আছে যদিও কুৰুৱাৰ পানী যোগান আঁচনি অধীনৰ প্ৰকল্পত নাই কৰ্মচাৰী। কৰ্মচাৰী অবিহনে পানীৰ প্ৰকল্প চলি আছে গুৱাহাটীৰ উত্তৰ পাৰত দৰঙৰ কুৰুৱাত। খোৱা পানী টোপাল বিশুদ্ধ নোহোৱা বাবে কুৰুৱাবাসীৰ জনস্বাস্থ্যলৈ ভাবুকি কঢ়িয়াইছে।

২০০৪ চনতে মন্ত্ৰী ৰিহণ দৈমাৰীয়ে উপৰ কুৰুৱাত স্থাপন কৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ প্ৰকল্প নিৰ্মাণৰ দিন ধৰি চৰকাৰী কৰ্মচাৰী অবিহনেই চলিছে। এজন অবৈতনিক কৰ্মচাৰীয়ে  প্ৰকল্পটি চোৱা-চিতা কৰি আহিছে। কৰ্মচাৰীগৰাকীৰ ভাষ্য অনুসৰি ৰিজাৰভাৰৰ অভাৱত পৰিশোধন নকৰা লেতেৰা পানী খুৱাই আহিছে জনতাক।

মাত্ৰ আধা ঘণ্টাৰ বাবে যোগান ধৰা হয়। ফলত পানী ভাগত নপৰিলেই মহিলাৰ আৰম্ভ হয় কাজিয়া। আনহাতে ভূগৰ্ভত শিলৰ অৱস্থিতিৰ বাবে টিউবেল বহুৱাবলৈ অপাৰগ। সাধাৰণ জনতাৰ কুঁৱা বহুৱাবলৈও নাই হাতত ধন। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী ৰিহণ দৈমাৰীয়েও পৰিদৰ্শন কৰি উন্নয়নৰ শিলান্যাস কৰিছিল কুৰুৱা পানী প্ৰকল্পত। পিছে সকলো যেন ফুটুকাৰ ফেন। এতিয়াও কুৰুৱাবাসীয়ে জনস্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ লেতেৰা পানী পান কৰিবলৈ বাধ্য।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।