Super 30-ত ৰাফ লুকত ঋত্বিক ৰোশন

 06/03/2019 - 18:12

ডিজিটেল ডেস্কঃ: আকৌ চৰ্চা লৈ আহিছে বলিউডৰ তাৰকা অভিনেতা ঋত্বিক ৰোশন। ঋত্বিকে ছচিয়েল মিডিয়াত ছবিখনৰ প’ষ্টাৰ শ্বেয়াৰ কৰিছে। অহা ৪জুনত ছবিখনৰ অফিচিয়েল ট্ৰেইলাৰ মুক্তি দিয়া হ’ব বুলি জানিবলৈ দিছে। প’ষ্টাৰখনত ঋত্বিক ৰোশনক কেইজনমান ছাত্ৰৰ সৈতে দেখা পোৱা গৈছে।

যাৰ জৰিয়তে ছবিখনৰ কাহিনীৰ কিছু আভাস দিবলৈ চেষ্টা কৰা হৈছে। বলিউডৰ নৱতম ছবিখনৰ প’ষ্টাৰখনত ঋত্বিকক দেখা পোৱা গৈছে ৰাফ লুকত। ঋত্বিকৰ শেহতীয়া 'কাবিল' ছবিখনো দৰ্শকে আদৰি লোৱা দেখা গৈছিল।

নতুন ছবি Super 30ৰ কাহিনীভাগ শিক্ষা, শিক্ষকৰ শক্তি আৰু মূল্যৰ ওপৰত আধাৰিত বুলি জানিবলৈ দিছে বলিউডৰ তাৰকা অভিনেতাজনে। অহা ১২ জুলাইত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব Super 30 ছবিখনে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।