বদৰপুৰত এল্ট’-মেজিকৰ মুখামুখি সংঘর্ষত আহত ১০

 06/03/2019 - 18:18

কৰিমগঞ্জঃ আজি দুপৰীয়া কৰিমগঞ্জৰ ইছাবিলৰ পৰা এংলাবজাৰ সেৱা কেন্দ্র অভিমুখে অহা এখন যাত্রীবাহী এল্ট’ আৰু বিপৰীত দিশৰ পৰা আহি থকা এখন মেজিকৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

দুর্ঘটনাটো বদৰপুৰ-আদৰকোনা ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত সংঘটিত হয়। দুৰ্ঘটনাটোত বাহন দুখনত থকা দহ জন যাত্রী আহত হয়। পিছত আৰক্ষীৰ সহযোগত আহত ব্যক্তিকেইজনক হাস্পতালত ভর্তি কৰোৱা হয় বুলি জানিব পৰা গৈছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।