ৰসৰাজৰ ‘বুঢ়ী আইৰ সাধু’ৰে হিন্দী ধাৰাবাহিক

 06/03/2019 - 18:32

জয়সাগৰঃ ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জনপ্ৰিয় ‘বুঢ়ী আইৰ সাধু’ হিন্দী ধাৰাবাহিকৰ ৰূপত দৰ্শকে শীঘ্ৰেই উপভোগ কৰিবলৈ পাব । ৰাজেশ ম’ৰৰ পৰিচালনাত শিৱসাগৰ আৰু দাঁতিকাষৰীয়া গ্ৰামাঞ্চলত ‘ৰসৰাজ কী ৰসভৰী কথায়ে’ শীৰ্ষক হিন্দী ধাৰাবাহিকখনৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত আগবাঢ়িছে। ধাৰাবাহিকখনত ৰসৰাজৰ ‘দুই বুধিয়ক’, ‘পাচনী’, ‘কুকুৰীকণা’, লটকণ’, ‘সেউতি’ শীৰ্ষক সাধু পাঁচটা অন্তৰ্ভূক্ত কৰা হৈছে।

ধাৰাবাহিকখনত অসমীয়া ছবি জগতৰ অভিনেতা প্ৰাঞ্জল শইকীয়া আৰু পূৰ্ণিমা শইকীয়াই অভিনয় কৰিছে। ৭ মে'ত শুভ মূহুৰত হোৱা ধাৰাবাহিকখনৰ কাহিনী-চিত্ৰখনৰ দৃশ্যগ্ৰহণ শিৱসাগৰৰ বিভিন্ন লোকেচনত কৰা হৈছে৷ ইতিমধ্যে বলিউডত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱা শিৱসাগৰৰ সন্তান অভিজিৎ গগৈয়ে ধাৰাবাহিক খনৰ কিছু অংশ পৰিচালনা কৰাৰ লগতে দৃশ্যসজ্জাৰ নিৰ্দেশনা ভাস্কৰ্য-শিল্পী ৰূপম বেজবৰুৱাৰ।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।