মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ অসামৰিক চিকিৎসালয়ৰ ক’ৰণাৰ আইচিইউ ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ডঃ ১০ জন ৰোগীৰ মৃত্যু

 11/06/2021 - 18:17
 
 
নিউজ ডেস্কঃ শনিবাৰে পুৱা মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ অসামৰিক চিকিৎসালয়ৰ ক’ৰণাৰ আইচিইউ ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড। ১০ জন ৰোগীৰ মৃত্যু হোৱাৰ লগতে এজন ৰোগীক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
 
অগ্নিকাণ্ডৰ সুত্ৰপাতৰ কাৰণ এতিয়াও জানিব পৰা নাই। শ্বৰ্টচাৰ্কিটৰ ফলত এই ঘটনাৰ সন্দেহ কৰা হৈছে। আইচিইউত ভৰ্তি হৈ থকা আন ৰোগীসকলক ইতিমধ্যে আন ঠাইলৈ স্থানান্তৰ কৰা হৈছে। আনহাতে অগ্নিকাণ্ড মৃত্যু হোৱা ৰোগীসকলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।