চিৰিয়াত ভয়ংকৰ কাৰ বিস্ফোৰণত নিহত ১৭

 06/03/2019 - 18:42

ডিজিটেল ডেস্ক: পশ্চিম চিৰিয়াত আজি সংঘটিত হৈছে এক ভয়ংকৰ কাৰ বিস্ফোৰণ৷ এই বিস্ফোৰণত নিহত হয় ১৭ জনকৈ লোক। নিহত সকলৰ ভিতৰত ৪ টি শিশুও আছে। এটা মছজিদৰ সমীপত হোৱা এই বিস্ফোৰণত ২০ জনৰো অধিক লোক আহত হৈছে।

প্ৰশাসনৰ লোকে সংবাদ মাধ্যমক জনোৱামতে মছজিদৰ পৰা নামাজ পঢ়ি ওলোৱাৰ সময়তে সংঘটিত হয় এই বিস্ফোৰণ। এই বিস্ফোৰণৰ দায়িত্ব বৰ্তমানলৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই। আৰক্ষীয়ে বিস্ফোৰণ সন্দৰ্ভত জোৰদাৰী তদন্ত অব্যাহত ৰাখিছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Theme Colors

Please select the following colors to preview different color schemes of the theme.