ৰঙাপৰাত সুৰাপায়ী স্বামীৰ প্ৰহাৰত পত্নীৰ কৰুণ মৃত্যু

 06/03/2019 - 18:46

ৰঙাপৰাঃ সুৰাপায়ী স্বামীৰ নৃশংসতাৰ বলি হ’ল এগৰাকী অসহায় পত্নী। সুৰাপান কৰি স্বামীয়ে চাৰি সন্তানৰ মাতৃগৰাকীক লাঠিৰে কোবাই কোবাই গুৰুতৰভাৱে আহত কৰি হত্যা কৰা ঘটনাই বিন্দুকুৰিস্থ দুৰুং চাহ বাগিছাত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ৰঙাপৰা নামনিগাঁও পঞ্চায়তৰ অধিনৰ দুৰুং চাহ বাগিচাত সংঘটিত হত্যাকাণ্ড সন্দৰ্ভত পৰিয়ালৰ লোকে প্ৰকাশ কৰা মতে দেওবাৰে নিশা দুৰুং চাহ বাগিছাৰ প্ৰৱেশ পথৰ কাষতে থকা বাসগৃহত স্থায়ী শ্ৰমিক ৰাজু কৰ্মকাৰে সুৰাপান কৰি পত্নী অঞ্জলি কৰ্মকাৰ (৪০)ৰ সৈতে কোনো কথাক কেন্দ্ৰ কৰি দুয়োজনৰ মাজত তৰ্কা-তৰ্কি হয়।

নিশা পৰ্যন্ত অব্যাহত থকা এই কাজিয়াই চৰম সীমা অতিক্ৰম কৰাৰ লগতে পত্নী অঞ্জলি কৰ্মকাৰ ওৰফে চালুক অকথ্য শাৰীৰিক নিৰ্যাতন চলায়। মদপী স্বামীৰ পাশৱিক নিৰ্যাতন সহিব নোৱাৰি চালুৱে অৱশেষত নিয়তিৰ ওচৰত হাৰ মানি কৰুণভাৱে মৃত্যুক সাৱটি লয়।

এই ঘটনা পুৱা বিয়পি পৰাৰ লগে লগে ৰাজুৰ ঘৰত স্থানীয় লোকে আহি ৰাজুক শাস্তি দিয়াৰ দাবী তুলি পৰিস্থিতি উত্তপ্ত কৰি তোলে। পাছত ঘটনাস্থলীত তেজপুৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে হত্যাৰ অভিযোগত ৰাজুক আটক কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।