অৰুণাচল-চীন সীমান্তৰ আকাশমাৰ্গৰ পৰা নিৰুদ্দেশ বায়ুসেনাৰ বিমান

 06/03/2019 - 19:03

ডিজিটেল ডেস্কঃ আকাশমাৰ্গত অঘটন৷ যোৰহাটৰ পৰা কেই ঘণ্টামান পূৰ্বে উৰা মৰা ভাৰতীয় বিমান বাহিনীৰ এখন বিমান (IAF’s AN 32) অৰুণাচল-চীনা সীমান্তৰ আকাশমাৰ্গৰ পৰা নিৰুদ্দেশ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। বায়ুসেনা বাহিনীৰ সূত্ৰই ঘটনাটোৰ বিষয়ে জানিবলৈ দি কয় যে বিমানখনে যোৰহাট বিমান বন্দৰৰ পৰা আজি ১২.২৫ বজাত চীন সীমান্তৰ কাষৰ অৰুণাচল প্ৰদেশৰ মাচুকা এডভান্স লেণ্ডিং গ্ৰাউণ্ডৰ দিশে উৰা মাৰিছিল।

বিমানখনৰ সৈতে গ্ৰাউণ্ড এজেন্সিৰ অন্তিমবাৰৰ বাবে যোগাযোগ হৈছিল দিনৰ ১ বজাত৷ তাৰপিছত কোনো সংযোগ হোৱা নাই”, বিমানখনে লক্ষ্যস্থানো পোৱাগৈ নাই বুলি বায়ুসেনা বাহিনীৰ সূত্ৰটোৱে কয়। বিমানখনত ৮জন বিমানকৰ্মী আৰু ৫জন যাত্ৰীৰে মুঠ ১৩জন ব্যক্তি আছিল। scroll নামৰ সংবাদ প’ৰ্টেলটোত প্ৰকাশ পোৱা মতে, ভাৰতীয় বায়ুসেনা বাহিনীয়ে নিৰুদ্দিষ্ট বিমানখনৰ সন্ধানত ইতিমধ্যে ছুখয়-৩০ যুঁজাৰু বিমান আৰু এখন বিশেষ অভিযান (C-130) জেট বিমান প্ৰেৰণ কৰিছে।বিমানখনৰ সৈতে সংযোগ স্থাপন কৰিবলৈ বা সন্ধান লাভ কৰিবলৈ সকলো ধৰণৰ অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ কৰা হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।