অসমবাসীৰ বাবে সুখবৰঃ ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত সোণৰ পদকসহ উজলিল শিৱসাগৰৰ চাৰিগৰাকী খেলুৱৈ

 11/10/2021 - 15:25
 
 
নিউজ ডেস্কঃ সুখবৰ। শেহতীয়াকৈ বেংগালুৰুত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ আৰু ৪৭ তম ৰাষ্ট্ৰীয় জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰা শিৱসাগৰৰ ৪ গৰাকী খেলুৱৈয়ে ৫ টা সোণৰ পদকসহ মুঠ ১৩ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। শিৱসাগৰ চুইমিং ছছাইটিৰ উদ্যোগত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমৰ হৈ শিৱসাগৰৰ ১৩ গৰাকী সাঁতোৰবিদে অংশগ্ৰহণ কৰিছিল ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত। ইয়াৰ ভিতৰত কেইবাটাও ইভেন্টত অংশলৈ আদ্ৰিজা চেতিয়াই তিনিট সোণৰ আৰু তিনিটা ৰূপৰ পদক লাভ কৰে। আদ্ৰিজাৰাণী চেতিয়াই ১০০ মিটাৰ বেক ষ্টক, ২০০ মিটাৰ ইণ্ডিভিজুৱেল মিডলিত, ৫০ মিটাৰ ব্ৰেষ্ট ষ্টক ইভেন্টত সোণৰ পদক লাভ কৰে। ইয়াৰ উপৰিও আদ্ৰিজাৰাণীয়ে ৫০ মিটাৰ বেক ষ্টক, ৫০ মিটাৰ ৱাটাৰ ফ্লাই, ৫০ মিটাৰ ফ্ৰীষ্টাইলত ৰূপৰ পদক লাভ কৰে।সেইদৰে অন্বেশা খনিকৰে ১০০ মিটাৰ ৱাটাৰ ফ্লাই, ২০০ মিটাৰ ইণ্ডিভিজুৱেল মিডলিত সোণৰ , ৫০ মিটাৰ ৱাটাৰ ফ্লাইত  ব্ৰঞ্জৰ পদক , অনংশা শৰ্মাই  দুটা ৰূপৰ ,এটা ব্ৰঞ্জৰ আৰু সুৰিয়া চাংমাই ব্ৰঞ্জৰ পদক লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে। আজি  আটাইকেইগৰাকী খেলুৱৈকে বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে অনাগত দিনত অধিক সাফল্য লাভৰ লক্ষ্যৰে প্ৰশিক্ষণ দিব বুলি সদৰি কৰিছে শিৱসাগৰ চুইমিং ছছাইটিয়ে ।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।