শিলৰ কুঁৱেৰীৰ দ’ খাৱৈত পৰি ৭ বছৰীয়া ছাত্ৰৰ মৃত্যু

 06/03/2019 - 19:11

লখিমপুৰঃ জহিং শিলৰ কুঁৱেৰীৰ দ’ খালত পৰি জহিং ৰ্গীৰ্জা লাইনৰ নিবাসী লাইচন ইন্দোৱাৰৰ পুত্ৰ জিকেল ইন্দোৱাৰ নামৰ তৃতীয় শ্ৰেণীৰ পঢ়ি থকা ৭ বছৰীয়া ছাত্ৰজনৰ মৃত্যু হয়। লখিমপুৰ জিলাৰ জহিং শিলৰ কুঁৱেৰীত জেচিবি ব্যৱহাৰ কৰি দিনে নিশাই শিল বালিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত ৰাখিছিল কুঁৱেৰীৰ মহলদাৰ আৰু জহিঙৰ বন বিভাগৰ খণ্ড বিষয়াজনে।

জহিংবাসী ৰাইজে বাৰম্বাৰ জেচিবি ব্যৱহাৰ নকৰিবলৈ বাধা দি আহিছিল খণ্ড বিষয়া আৰু মহলদাৰক। অঞ্চলটোৰ ৰাইজৰ বাধাক কেৰেপ নকৰি জেচিবিৰে বৃহৎ বৃহৎ খাল খান্দি শিল, বালিৰ ব্যৱসায় অব্যাহত ৰাখিছিল। তাৰ বাবে আজি জিকেল ইন্দোৱাৰ নামৰ ৭ বছৰীয়া ছাত্ৰজনে মৃত্যুক আঁকোৱালি ল’ব লগা হল বুলি অভিযোগ কৰিছে।

অঞ্চলটোৰ ৰাইজে জহিং খণ্ড বিষয়া আৰু শিল কুঁৱেৰীৰ মহলদাৰৰ বিৰুদ্ধে লখিমপুৰ জিলা প্ৰশাসনক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।