বিৰাট কোহলীৰ কণমানি কন্যা শিশুক ধৰ্ষণৰ ভাবুকি দিয়া অভিযন্তাক গ্ৰেপ্তাৰ

 11/11/2021 - 13:02
 
 
নিউজ ডেস্কঃ টি-২০ বিশ্বকাপত টীম ইণ্ডিয়াই ইখনৰ পিছত সিখন মেচত পৰাজিত হোৱাৰ পিছত বিৰাট কোহলীৰ কণমানি শিশু কন্যাক অনলাইন ধৰ্ষণৰ ভাবুকি দিয়াৰ বাবে হায়দৰাবাদৰ এজন অভিযন্তাক গ্ৰেপ্তাৰ কৰা হৈছে। ২৩ বছৰীয়া ৰামনাগেশ শ্ৰীনিবাস আকুবাথিনী নামৰ অভিযন্তাজনক মুম্বাই আৰক্ষীৰ এটা বিশেষ দলে গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে ধৰ্ষণৰ ভাবুকিৰ স্ক্ৰীণশ্বটৰ অনুসন্ধান আৰম্ভ কৰাৰ পিছতেই অভিযন্তাজনে তেওঁৰ টুইটাৰ হেণ্ডেল সলনি কৰিছিল আৰু এজন পাকিস্তানী লোক বুলি ভাও জুৰিছিল।
 
বিকৃত মানসিকতাৰ ৰামনাগেশৰ সকলো কৌশল উফৰাই আৰক্ষীয়ে তেওঁক জালত পেলাবলৈ সক্ষম হয়।মুম্বাই আৰক্ষীয়ে ৰামনাগেশক হায়দৰাবাদৰ পৰা গ্ৰেপ্তাৰ কৰি মুম্বাইলৈ লৈ আহে। তেওঁক মুম্বাইত উপৰ্যুপৰি জেৰা চলোৱা হ’ব। উল্লেখযোগ্য যে, পাকিস্তানৰ বিৰুদ্ধে বিশ্বকাপৰ খেলখনত ভাৰত পৰাস্ত হোৱাৰ পাছতে ৰামনাগেশ শ্ৰীনিবাসে অনলাইনযোগে বিৰাট কোহলীৰ ৯ মহীয়া কন্যাক ধৰ্ষণৰ ভাবুকি দিয়াৰ উপৰিও ভাৰতীয় দলৰ বেগী বলাৰ মহম্মদ শ্বামীকলৈয়ো বিতৰ্কিত মন্তব্য কৰিছিল।
 
যুৱকজনৰ এই মন্তব্য সামাজিক মাধ্যমত ধুমুহা গতিত ভাইৰেল হৈ পৰে। এই কথাক লৈ তীব্ৰ সমালোচনা তথা প্ৰতিক্ৰিয়া হোৱাৰ লগতে যুৱকজনক গ্ৰেপ্তাৰ কৰাৰ সজোৰ দাবী উত্থাপন হৈছিল। কোহলীৰ কন্যাক ধৰ্ষণৰ ভাবুকি দিয়াৰ পাছত দিল্লীৰ মহিলা কমিশ্যনেও দিল্লী আৰক্ষীক এখন জাননী জাৰি কৰিছিল আৰু শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনাইছিল।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।