এনআৰচিৰ নামত সংখ্যালঘুক প্ৰতীক হাজেলাই হাৰাশাস্তি চলোৱাৰ অভিযোগ ইত্তেহাদ ফ্ৰণ্টৰ

 06/03/2019 - 19:30

দলগাঁওঃ এনআৰচিৰ হেয়াৰিঙৰ নামত ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই সংখ্যালঘুক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি চলোৱা বুলি অভিযোগ কৰিছে ইত্তেহাদ ফ্ৰণ্টে। যোৱা ১ জুনত খাৰুপেটীয়া হেয়াৰিং কেন্দ্ৰত এখন লিগেচিৰ লগত সাঙুৰি জাননী প্ৰেৰণ কৰি অসমৰ প্ৰায় দহখনকৈ জিলাৰ পৰা দহটা লিগেচিৰ অধীনস্থ প্ৰায় ১০০০ পৰা ১২০০ লোকক মাতি আনিছিল।

কিন্তু খাৰুপেটীয়া হেয়াৰিং কেন্দ্ৰৰ ১১ নং কাউণ্টাৰৰ (Verification) বিষয়াই কয় যে আপোনালোকৰ হেয়াৰিং নহয় আপোনালোকলৈ ভুলবশতঃ জাননী প্ৰেৰণ কৰা হৈছে।

এই লোকসকলে ইত্তেহাদ ফ্ৰণ্ট দৰং জিলা সমিতিৰ বিষয়-ববীয়াসকলক বিষয়টো অৱগত কৰাত ইত্তেহাদ ফ্ৰণ্ট, অসম ৰাজ্যিক সমিতি সাধাৰণ সম্পাদক নুৰ ইছ্লাম, কাৰ্যকৰী সভাপতি আব্দুৰ ৰৌফ, সাংগঠনিক সম্পাদক আব্দুল জলিল, ছুলেমান আলীয়ে খাৰুপেটীয়া টাউন ফিল্ডত গৈ ভুক্তভোগীসকলৰ জাননীসমূহ চাই দেখে যে লিগেচি বেলেগ বেলেগ হোৱাৰ পিছতো একেটা কাউণ্টাৰতে মতা হৈছিল প্ৰায় ১০০০-১২০০ লোকক।

ইত্তেহাদ ফ্ৰণ্ট, অসম ৰাজ্যিক সমিতিয়ে সংখ্যালঘু লোকক এনআৰচিৰ নামত হাৰাশাস্তি বন্ধ কৰাৰ বাবে ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাক দাবী জনায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।