T-20 বিশ্বকাপৰ আজি দ্বিতীয়খন ছেমি ফাইনেল, সমুখ সমৰত অষ্ট্ৰেলিয়া-পাকিস্তান

 11/11/2021 - 18:18
 
 
নিউজ ডেস্কঃ টি টুৱেণ্টী ২০২১ বিশ্বকাপৰ আজি দ্বিতীয়খন ছেমি ফাইনেল অষ্ট্ৰেলিয়া আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব। মেচখন ডুবাইত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব। বিজয়ী দলটোৱে অহা দেওবাৰে ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।ইতিমধ্যে ইংলেণ্ড দলক পৰাজিত কৰি প্ৰথমটো দলৰূপে ফাইনেলত প্ৰৱেশ কৰিছে নিউজিলেণ্ডে।
 
প্ৰতিযোগিতাত এতিয়ালৈ অপৰাজিত হৈ থকা পাকিস্তান দলকে আজিৰ খেলৰ ফেভাৰিটৰূপে বহুতে গণ্য কৰিছে যদিও দুৰ্দান্ত ফৰ্মত থকা কেংগেৰু বাহিনীয়েও যে সহজে আত্মসমৰ্পণ নকৰিব সেয়া ধুৰুপ। মুঠতে এখন অতি আকৰ্ষণীয় খেলৰ বাবে সাজু এতিয়া বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগী।
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।