বিশ্ব চাইকেল দিৱস উপলক্ষে শিৱসাগৰত সজাগতা ৰেলী

 06/03/2019 - 19:38

শিৱসাগৰঃ আজি বিশ্ব চাইকেল দিৱস উপলক্ষে শিৱসাগৰত ওলাই আহে অৰ্ধ শতাধিক চাইকেল ৰাইডাৰ। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত সজাগতা ৰেলীটোৰ ফ্লেগ অফ কৰে শিক্ষাবিদ ৰমন শৰ্মাই।

আৰক্ষী অধীক্ষক অমিতাভ সিনহাই সহযোগ কৰা সজাগতা ৰেলীটো নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা ওলাই ৰাষ্ট্ৰীয় ঘাইপথেদি ভটীয়াপাৰ, ৰুদ্ৰসাগৰ, জয়সাগৰ হৈ প্ৰায় ত্ৰিশ কিলোমিটাৰ ভ্ৰমণ কৰি পুনৰ বৰ্ডিং খেলপথাৰত সামৰণি পেলায়।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।