ধ্বংসপ্ৰাপ্ত অৱস্থাত ছিয়াঙত সন্ধান ওলাল বায়ুসেনাৰ বিমান

 06/03/2019 - 20:04

ডিজিটেল ডেস্কঃ ধ্বংসপ্ৰাপ্ত অৱস্থাত ছিয়াঙত সন্ধান ওলাল বায়ুসেনাৰ বিমান৷ ছিয়াঙৰ দুৰ্গম প্ৰান্তত উদ্ধাৰ হ’ল ধ্বংসাৱশেষ৷ বিমানখনত থকা আটাইকেইজন যাত্ৰীৰ মৃত্যুৰ আশংকা৷ বিমানখনত আছিল বৈমানিকসহ ১৩ গৰাকী আৰোহী৷ যোৰহাটৰ পৰা উৰা মাৰিছিল বায়ুসেনাৰ AN-32 বিমানখনে৷

দুপৰীয়া ১২.২৫ বজাত এৰিছিল ৰৰৈয়াৰ বিমানকোঠ৷অৰুণাচলৰ মেছুকালৈ সামগ্ৰী কঢ়িয়াইছিল বিমানখনে৷দুপৰীয়াৰ পৰাই বিমানখনৰে বিচ্ছিন্ন হৈ আছিল যোগাযোগ৷অৰুণাচলৰ বিভিন্ন দুৰ্গম প্ৰান্তলৈ সামগ্ৰী পৰিবহন হয় এই বিমানেৰে৷ বিমানখন হৈছে ৰাছিয়ান ANTONOV শ্ৰেণীৰ বিমান৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।