ৰঙাপৰাত বিশ্ব পৰিবেশ দিৱসৰ প্ৰস্তুতি

 06/03/2019 - 20:22

ৰঙাপৰাঃ প্ৰদূষণৰ সমস্যাই সম্প্ৰতি এক ভয়াবহ ৰূপ ধাৰণ কৰিছে। আধুনিক সভ্যতাত পৰিবেশ প্ৰদূষণ এক বিশ্বজনীন সমস্যাৰূপে পৰিগণিত হৈছে। প্ৰদূষণৰ ভয়াৱহতা উপলব্ধি কৰি ৫ জুনত বিশ্ব পৰিবেশ দিৱসৰূপে উদযাপন কৰা হয়। সেয়েহে আগন্তুক ৫ জুন বুধবাৰে বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি ৰঙাপৰাৰ এডভান্সমেণ্ট অব্ পিপলছ গ্ৰুপ নামৰ বেচৰকাৰী সংগঠনটোৱে ৰঙাপৰাস্থিত আগৰৱালা ভৱনত এদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে।

পুৱা ৮.৩০ বজাত শোভাযাত্ৰাত অংশগ্ৰহণকাৰীসকলৰ পঞ্জীয়নেৰে অনুষ্ঠান শুভাৰম্ভ হ’ব। ৯ বজাত বেচৰকাৰী সংগঠনটোৰ উদ্দেশ্য ব্যাখ্যাৰে মুকলি হ’ব অনুষ্ঠান| ৯.৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান আৰু ১০ বজাত ৰঙাপৰা সমন্বয় সমিতিৰ শিল্পীসকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশন কৰা হ’ব বুলি আয়োজক সমিতিয়ে সংবাদ মাধ্যমক অৱগত কৰে।

পুৱা ১০.৩০ বজাত মুখ্য বক্তাৰূপে বালিপৰা শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মণিষ ঠাকুৰৰ বিশ্ব পৰিবেশ দিৱসৰ ওপৰত আলোকপাত আৰু আমন্ত্ৰিত অথিতিৰূপে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু পেৰাচাইকেলিক ৰাকেশ পালে অংশগ্ৰহণ তথা বক্তব্য প্ৰদান কৰিব। পুৱা ১১.৩০ বজাত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস উপলক্ষে কবিতা পাঠ তথা ১২ বজাত সজাগতা সম্পৰ্কীয় চাইকেল শোভাযাত্ৰা আয়োজন কৰা হৈছে।

সভাৰ অন্তত বিশ্ব পৰিবেশ দিৱসৰ সংগতি ৰাখি গছপুলি বিতৰণ আৰু বৃক্ষ ৰোপণ কৰা হ’ব বুলি আয়োজক সমিতিৰ হৈ সম্পাদক ৰানা হাজৰিকা আৰু সভাপতি ব্ৰজেন বৰ্মনে কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ সমূহ ৰাইজৰ সহায়-সহযোগিতা তথা উপস্থিতি কামনা কৰিছে।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।