11/13/2021 - 17:27
in
জামুগুৰিহাটঃ চতিয়া সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাটৰ বালিজুৰীত উত্তৰ জামুগুৰি হৰি কীৰ্তন সংঘই তিনিদিনীয়া কাৰ্য্যসূচীৰে ৬৩ তম অখণ্ড হৰি কীৰ্তনৰ আয়োজন কৰিছে৷ জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ গোৰ্খা সম্প্ৰদায়ৰ ৰাইজে অহা ১৪, ১৫ আৰু ১৬ নবেম্বৰত বিস্তৃত কাৰ্য্যসূচীৰে এই অখণ্ড হৰি কীৰ্তন অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে৷
নাৰায়ন কীৰ্তন সংঘ, কৈলাসপুৰ কীৰ্তন সংঘ, মহাদেৱ কীৰ্তন সংঘ, ৰাধা কৃষ্ণ কীৰ্তন সংঘ, লক্ষ্মী নাৰায়ন মহিলা কীৰ্তন সংঘ আৰু গায়েত্ৰী মহিলা কীৰ্তন সংঘৰ সহযোগত অনুষ্ঠিত হ'বলগা এই অখণ্ড হৰি কীৰ্তনত বৃহত্তৰ নদুৱাৰ অঞ্চলৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকে অংশগ্ৰহণ কৰিব বুলিও জানিব পৰা গৈছে৷ ৬৩ তম এই অখণ্ড হৰি কীৰ্তন অনুষ্ঠানৰ সফল ৰূপায়ণৰ বাবে ইতিমধ্যে বালিজুৰী অঞ্চলৰ ৰাইজে ৰাজহুৱা হজ সম্পন্ন কৰিছে৷
চৰকাৰী সকলো ক’ভিড বিধি মানি চলি এই অখণ্ড হৰি কীৰ্তন আয়োজন কৰাৰ কথা ব্যক্ত কৰে উদ্যোক্তাসকলে৷ অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰিবলগা এই অনুষ্ঠানত সকলো শ্ৰেণী ৰাইজৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উত্তৰ জামুগুৰি অখণ্ড হৰি কীৰ্তন সংঘই৷