নগৰবেৰাৰ নিছিলামাৰী মধ্য ইংৰাজী বিদ্যালয়ত চাঞ্চল্যকৰ ঘটনাঃ বিদ্যালয়ৰ ডেস্ক-বেঞ্চৰ লগতে আচবাব জ্বলাই দিয়ে অচিনাকী দুৰ্বৃত্তই

 11/13/2021 - 18:00
 
 
 
নগৰবেৰাঃ নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী মন্দিৰা NC ৰ নিচিলামাৰীত চাঞ্চল্যকৰ ঘটনা৷ দুৰ্বৃত্তই জ্বলাই দিলে বিদ্যালয়ৰ ডেস্ক-বেঞ্চৰ লগতে আচবাব৷ নিছিলামাৰী মধ্য ইংৰাজী বিদ্যালয়ত নিশা সংঘটিত হৈছে এই ঘটনা৷ শুকুৰবাৰে নিশা প্ৰায় ২মান বজাত অচিনাক্ত দুৰ্বৃত্তই বিদ্যালয় গৃহৰ পৰা বাহিৰলৈ ওলাই আনি জ্বলাই দিয়ে আচবাবখিনি৷ এই কাণ্ডত বিদ্যালয়খনৰ প্ৰায় ১৫ জোৰা ডেস্ক-বেঞ্চৰ লগতে শিক্ষকে ব্যৱহাৰ কৰা চকী টেবুল জুইত ভস্মীভূত হয়৷ পুৱাই এই ঘটনা সন্দৰ্ভত মন্দিৰা আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰে বিদ্যালয় পৰিচালনা সমিতিয়ে৷ সম্প্ৰতি মন্দিৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে৷
 
  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।