ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী, তৰুণ প্ৰজন্মক লক্ষ্য কৰি ধুবুৰী নিৰ্বাচন জিলা প্ৰশাসনৰ সজাগতা অভিযান

 11/13/2021 - 18:27
 
 
 ধুবুৰীঃ ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী প্ৰক্ৰিয়াৰ প্ৰতি ১৮ বছৰত ভৰি দিয়া প্ৰতিগৰাকী যুৱক-যুৱতীক সজাগ কৰাৰ বাবে ধুবুৰী নিৰ্বাচন জিলাৰ নিৰ্বাচন বিভাগে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ৷ আজি পুৱা ধুবুৰীৰ বি এন কলেজৰ পৰা চাইকেল ৰেলি উলিওৱা হয়৷ অতিৰিক্ত উপায়ুক্ত নিত্য বিনোদ ৱাৰীয়ে মহাবিদ্যালয়খনৰ অধ্যক্ষ ধ্ৰুৱ চক্ৰৱৰ্তী আৰু নিৰ্বাচন বিষয়া মাছি তপ্ন'ৰ উপস্থিতিত ৰেলিৰ 'ফ্লেগ অফ' কৰে৷ 
 
কলেজখনৰ শতাধিক শিক্ষাৰ্থীয়ে ভাগ লোৱা চাইকেল ৰেলি ধুবুৰী চহৰৰ প্ৰধান অঞ্চলসমূহৰ মাজেৰে গৈ পুনৰ কলেজলৈ উভতি আহে৷ চাইকেল ৰেলিৰ পিছতে কলেজৰ শিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তি প্ৰক্ৰিয়াক লৈ এক সজাগতা সভা আৰু ঠাইতে নাম পঞ্জীয়ন শিবিৰ অনুষ্ঠিত হয়৷
 
চাইকেল ৰেলি মুকলি কৰি অতিৰিক্ত উপায়ুক্ত ৱাৰীয়ে কয় যে সমগ্ৰ দেশতে ভোটাৰ তালিকাত নতুনকৈ নাম অন্তৰ্ভুক্তিৰ কাম চলি আছে৷ ১৮ বছৰ সম্পূৰ্ণ কৰা সকলো লোকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব৷
 
এইক্ষেত্ৰত ৰাইজ বিশেষকৈ যুৱক-যুৱতীসকলক সজাগ কৰাৰ বাবে ধুবুৰী জিলা প্ৰশাসনে আন কেইবাটাও কাৰ্যসূচী হাতত লৈছে৷ অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে প্ৰতিজন যোগ্য লোকৰ নাম যাতে ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হয় তাৰ প্ৰতি প্ৰশাসনে চলোৱা প্ৰচেষ্টাত সমাজৰ প্ৰতিজন সচেতন লোকৰ সহযোগ বিচাৰে৷
  
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।