11/13/2021 - 19:16
in
শালবাৰীঃ ড০ হিমন্ত বিশ্ব শৰ্মা চিএম হয়৷ তেওঁ মোৰ পুৰণি বন্ধু৷ হিমন্ত বিশ্ব শৰ্মাই যি কাম কৰি আছে সেইয়া এক্সিলেণ্ট৷ হিমন্ত বিশ্ব শৰ্মাৰ লগত ভিতৰুৱাভাবে একো যোগাযোগ নাই কিন্তু আমাৰ মাজত বুজাপৰা আছে৷ আজি এনেদৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰে বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে৷
আজি বাক্সাৰ শালবাৰীত অনুষ্ঠিত হোৱা বিপিএফৰ চি ডব্লিউ চি মিটিংত ভাগ লৈ হাগ্ৰামা মহিলাৰীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয়-হাগ্ৰামা মহিলাৰী বিজেপিত যাব বুলি ওলোৱা কথাটো উৰা বাতৰিহে৷ সব দলৰে চেষ্টা থাকে নিজৰ দলত আনক চামিল কৰাবলৈ৷ বিজেপিয়েও চেষ্টা কৰিছে৷ বিপিএফৰ বৰ্তমান ১১ গৰাকী এমচিএলএ আৰু তিনি গৰাকী বিধায়ক আছে৷
এইসকল সব ঠিকেই আছে৷ কোনোৱেও বিপিএফক বিশ্বাসঘাতকতা কৰি আন দলত নাযায়৷ মহিলাৰীয়ে বিটিচি প্ৰমুখ প্ৰমোদ বড়ো প্ৰসংগত কয়, বিগত ১১ মাহত প্ৰমোদ বড়ো কিমান সফল হৈছে সেইয়া ১৭ নৱেম্বৰত হ’বলগীয়া অধিবেশনৰ পিছতহে গম পোৱা যাব৷ বিটিচিৰ ৰাস্তা-ঘাট বিগত ১৭ বছৰত যি আছিল আজিও সেইয়েই আছে৷ পৰিবৰ্তন একো হোৱা নাই৷ উল্লেখ্য যে আজিৰ চি ডব্লিউ চি মিটিঙত বিটিচিৰ চাৰিওখন জিলাৰ বিপিএফৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী সকল উপস্থিত থাকে৷