11/14/2021 - 13:22
in
লক্ষীপুৰঃ গোৱালপাৰা জিলাৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অধীনস্ত ডাবকাৰভিটা অঞ্চলৰ তিনিখনকৈ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ বিত্তী ধনৰ নামত একাংশ প্ৰবঞ্চকে দুৰ্নীতিৰ জাল পেলোৱাৰ দৃশ্য ইতিমধ্যে পোহৰলৈ আহিছে। ডাপকাৰভিটাৰ মণ্ডলপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি জাহিদুল ইছলামৰ বিৰুদ্ধে ওলাই আহিল শ শ অভিভাৱক।
উল্লেখ্য যে মণ্ডলপাৰা প্ৰাথমিক বিদ্যালয়ৰ সভাপতি জাহিদুল ইছলামে ছাত্ৰ বিত্তীৰ ধনৰ একাউণ্ট বনাই দিয়াৰ নামত ডাবকাৰভিটা গাঁৱৰ মুঠ তিনিখনকৈ স্কুলৰ ৫০০ ত কৈ অধিক ছাত্ৰ-ছাত্ৰীৰ পৰা উৎকোচ হিচাপে লয় ৬০০ টকাকৈ। টকা লোৱাৰ প্ৰায় এবছৰ উকলি যোৱাৰ পিছতো একাউন্ট বনাই নিদিয়াত অভিভাৱক (মাতৃ ) সকলে সভাপতিজনক এই বিষয়ে প্ৰশ্ন কৰাত অকথ্য ভাষাৰে গালি-গালাজ পৰাৰ লগতে দুৰ্ব্যৱহাৰৰ সন্মুখীন হ’বলগা হৈছে অভিভাৱকসকলে।
শেষত উপায়ন্তৰ হৈ সহায়হীন অভিভাৱকসকলে ধুমেৰঘাট আৰক্ষী চকীত প্ৰবঞ্চক জাহিদুলৰ বিৰুদ্ধে এখন এজাহাৰ কৰিছে। লগতে ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী আৰু প্ৰশাসনক অনুৰোধ জনায় যাতে অতি সোনকালে ইয়াৰ তদন্ত কৰি সভাপতিৰ লগতে ইয়াৰ লগত জড়িত থকা চক্রটোৰ প্ৰবঞ্চক সকলৰ উচিত শাস্তিৰ দাবী কৰিছে ভুক্তভোগী অভিভাৱকসকলে।