নগাঁৱৰ পশ্চিমাঞ্চলত ঈদৰ ব্যাপক প্ৰস্তুতিঃ নামাজৰ বাবে সজাই-পৰাই তুলিছে ঈদগাহ   

 06/03/2019 - 20:33

বটদ্ৰৱাঃ পবিত্ৰ ৰমজানৰ অন্তিম সূৰ্যাস্তৰ সামৰণি পৰাৰ অন্তত পৰম্পৰা অনুসৰি প্ৰতি বছৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে বেছ উলহ-মালহেৰে উদযাপন কৰি আহিছে পৱিত্ৰ ঈদ-উল-ফিতৰ৷ তদনুযায়ী ৰাজ্যৰ আন আন ঠাইৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলতো এই উৎসৱক কেন্দ্ৰ কৰি চলিছে ব্যাপক প্ৰস্তুতি৷ পৰম্পৰা অনুসৰি ঈদৰ দিনা উক্ত অঞ্চলবোৰত থকা ঈদগাহ ময়দানবোৰতো ধৰ্মীয় আচাৰ-নীতিৰে পৱিত্ৰ ঈদ-উল-ফিতৰৰ দুই ৰাকাত ওয়াজেব নামাজ আদায় কৰিব৷

স্মৰ্তব্য যে বছৰটোৰ এঘাৰটা মাহ সম্পূৰ্ণ বৈধ ভোগৰ স্বাধীনতা উপভোগ কৰাৰ পিছতে যোৱা ৭ মে'ৰ পৰা ধৰ্মীয় ৰীতি মৰ্মে সম্পূৰ্ণ এমাহ পবিত্ৰ ৰমজান মাহৰ ৰোজা পালন কৰা হয়৷ গতিকে এনেদৰে সম্পূৰ্ণ এমাহ কঠোৰ ধৰ্মীয় নীতি-নিয়মেৰে ৰোজাৰ ব্ৰত ৰখাৰ অন্তত ৰং-ৰহইচ তথা আনন্দ-স্ফুৰ্তিয়ে উদযাপন কৰিবলৈ ওলোৱা ঈদ-উল-ফিতৰৰ প্ৰাকক্ষণত ঈদগাহ পৰিচালনা কমিটীবোৰে মছজিদ আৰু ঈদগাহসমূহ আটকধুনীয়াকৈ সু-সজ্জিত কৰি তোলাৰ উপৰি ঠায়ে ঠায়ে তোৰণ আদি স্থাপনেৰে ঈদ-উল-ফিতৰৰ শুভেচ্ছা জনোৱাৰ বিপৰীতে চৌপাশে এক উৎসৱমুখৰ মনোমোহা পৰিবেশৰ সৃষ্টি কৰিছে৷

জিলাখনৰ জাজৰি, পাঘালী, গৰৈমাৰী, কদমনি, টকৌবাৰী, দক্ষিণপাট, বৰভেটি, চলচলি, সোণাইঘাট, আলিটাঙনি, ভকতগাঁও, টুকটুকী, বৰিবজাৰ, ধিং, ধূপগুৰি, আলিটাঙনী, ভোমোৰাগুৰী, শিমলুআটি, আমলখি, ধনীয়াভেটি, ধিং গাঁও, দগাঁও, গৰিয়া কাৱৈমাৰি, বলিকটিয়া, জামুগুৰি, বাটমাৰী, ৰৌমাৰী আদি গ্ৰামাঞ্চলত থকা ঈদগাহ ময়দানবোৰত ঈদৰ দিনা পুৱা ৮.৩০ বজাৰ পৰা ১০.৩০ বজাৰ ভিতৰত পবিত্ৰ ঈদ-উল-ফিতৰৰ ওয়াজেব নামাজ আদায় কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে পৰিচালনা কমিটীবোৰে৷

উল্লেখ্য যে ঈদ-উল-ফিতৰৰ দিনটোক আনন্দ-উৎসাহৰ দিন বুলি মুছলমান সমাজত অতীজৰে পৰা গণ্য কৰি অহা হৈছে যদিও বৰ্তমানৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ গগণচুম্বী দাম বৃদ্ধিৰ হেতু এচাম দৰিদ্ৰ আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ মাজত ঈদৰ আনন্দ-উছাহ তথা ৰং-তামাছা বহুখিনি হ্ৰাস পোৱা পৰিলক্ষিত হৈছে৷

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।