কংগনা ৰাণাৱটে পদ্মশ্ৰী পোৱাক লৈ একাংশৰ তীব্ৰ বিৰোধিতা আৰু সমালোচনা, এই প্ৰশ্নৰ উত্তৰত কি ক’লে চনু সুদে?

 11/14/2021 - 18:12
 
 
নিউজ ডেস্কঃ বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটক পদ্মশ্ৰী বঁটা প্ৰদান কৰাক লৈ একাংশই তীব্ৰ বিৰোধিতা কৰাৰ লগতে আন একাংশই কৰিছে সমালোচনা। একাংশই উত্থাপন কৰিছিল যে পদ্মশ্ৰী সন্মান কংগনাই নহয় চনু সুদেহে পোৱাৰ যোগ্য। চনু সুদে এই বিষয়ত সৰলভাবে নিজৰ মন্তব্য প্ৰকাশ কৰিছিল।চনুৱে কৈছিল, তেওঁ কোনো বঁটাৰ বাবে কাম কৰি থকা নাই।
 
তেওঁৰ এটা সেৱামুখী মন আছে যাৰ বাবে তেওঁ মানৱসেৱা কৰি ভালপায়। এতিয়ালৈকে ২২ হাজাৰ ছাত্ৰ-ছাত্ৰীকো সহায় কৰা বুলি কথা প্ৰসংগত উল্লেখ কৰে অভিনেতাগৰাকীয়ে। সক্ৰিয় ৰাজনীতিলৈ আহিব নেকি বুলিও সোধা হৈছিল চনু সুদক। সেই সন্দৰ্ভত তেওঁ কৈছিল, “মই এনেকুৱা এক মঞ্চত যোগদান কৰিব বিচাৰোঁ, য’ত ভৰিখন পিছলৈ টানি ধৰা নহয় আৰু কাম কৰিবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰা হয়। এই মঞ্চখন ৰাজনৈতিকো হ’ব পাৰে আৰু অৰাজনৈতিকো হ’ব পাৰে।
 
 
PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।