জুৰীয়া আৰক্ষীৰ বৃহৎ সাফল্য

 06/03/2019 - 20:42

জুৰীয়াঃ ২৪ ঘন্টা নৌহওঁতেই জুৰীয়া আৰক্ষীয়ে আটক কৰিলে তিনি দুৰ্ধৰ্ষ চোৰ। লগতে উদ্ধাৰ কৰিলে চুৰি হোৱা চুইফ্ট ডিজায়াৰ গাড়ী। ধৃত চোৰকেইটা ক্ৰমে মানস প্ৰতিম শইকীয়া, মতিবুৰ ৰহমান আৰু আজাদ আলী। নগাঁও আমতলাৰ পৰা চোৰকেইটাক আটক কৰে জুৰীয়া আৰক্ষীয়ে।

লগতে বঢ়মপুৰৰ পৰা কালি চুৰি হোৱা চুইফ্ট ডিজায়াৰ গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে দেওবাৰে নিশা জুৰীয়াৰ চামধৰাৰ ইন্দ্ৰ বৰাৰ ঘৰৰ পৰা চোৰে ধন সোণৰ লগতে চুৰি কৰি নিছিল চুইফ্ট ডিজায়াৰ গাড়ীখনো।

PratibimbaLive's picture
প্ৰতিবিম্ব লাইভ
'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।